NORTHEAST NOW (Assamese)
অসম

চামগুৰি খাটোৱালত লোমহৰ্ষক হত্যাকাণ্ডৰ দুই অপৰাধীক গ্ৰেপ্তাৰ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা May 13, 2021 7:11 pm
Murderer duo

নগাঁও জিলাৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ শপত কঢ়াত পাৰিবাৰিক কন্দলৰ পৰিণতিত এজন লোকে অস্ত্ৰৰ আঘাতত মৃত্যুক আকোঁৱালি ল’ব লগা হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে শপত কঢ়া‌ গাঁৱৰ নিবাসী আব্দুল হাই নামৰ লোক জনৰ ঘৰত আজি দুটা ফৈদৰ মাজত মাটি বাৰী বিতৰণক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটে।

ইয়াৰ ফলত আব্দুল হাই নামৰ লোকজনক চোকা অস্ত্ৰৰে পেটত আঘাত কৰাত আব্দুল হাইৰ মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই অপৰাধীক কৰায়ত্ব কৰাৰ লগতে আব্দুল হাইৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে আটক কৰা দুই হত্যাকাৰী হ’ল আলাল উদ্দিন(৫৬) আৰু আচমিনা খাতুন(৪৬) বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।