দুগৰাকী কন্যাৰ গাখীৰত বিষাক্ত দ্ৰব্য মিহলাই হত্যা মাহীমাকৰ! পিতৃ্কো আৰক্ষীয়ে চলাইছে জেৰা

গাখীৰৰ লগত বিষ মিহলাই দুই কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাহীমাকৰ বিৰুদ্ধে। এই ঘটনা উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ আকবৰপুৰ তিগ্ৰী গাঁৱৰ। সন্তান দুটাৰ পিতৃ মোৰাদাবাদলৈ যাওতেই এই ঘ্টনা সংঘটিত হয়। এই ঘটনাত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।বৰ্তমান পিতৃকো জেৰা অব্যাহত ৰাখিছে।
আকবৰপুৰ তিগ্ৰীৰ বাসিন্দা ফাৰ্মানে দিলশান নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছিল। বিবাহৰ ১০ বছৰৰ পাছত দিলশানৰ লগত ফাৰ্মানে বিবাহ বিচ্ছেদ কৰে। দুবছৰ আগতে তেওঁ নাজৰীন নামৰ এগৰাকী মহিলাক বিয়া কৰায়। একেখন গাঁৱৰে বাসিন্দা নাজৰীন। তেওঁৰ পিতৃ নাছিৰুদ্দিনে ফাৰ্মানৰ আগৰ পক্ষৰ তিনিটা সন্তানৰ দায়িত্ব লয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে ফাৰ্মানে পিতৃৰ ঔষধ আনিবলৈ মোৰাদাবাদলৈ গৈছিল। সেই সময়ত দুগৰাকী কন্যাই তেওঁলোক থকা ঘৰত খেলিবলৈ গৈছিল। অভিযোগ অনুসৰি সেই সময়ত নাজৰিনে কন্যা দুগৰাকীক গাখীৰৰ লগত মিহলি কৰি বিষ খুৱাইছিল।দুয়োৰে পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে।তাৰ পাছ্ত দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব পৰা নগ’ল। আৰক্ষী অধীক্ষক অভিষেক ঝাই জনোৱা মতে, সতি-সন্ততিৰ ঘৰত খেলি থকা অৱস্থাত দুগৰাকী কন্যাক বিষাক্ত দ্ৰব্য সেৱন কৰোৱা হয়। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীৰ মতে নাজৰীনেই এই অপৰাধ সংঘটিত কৰিছে। অভিযুক্তক আটক কৰি আৰক্ষীয়ে জেৰা কৰে। ফাৰ্মানকো গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। এই ঘটনাৰ আঁৰত তেওঁৰ ভূমিকাৰ তদন্ত চলি আছে।