NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত “প্ৰযুক্তি: শৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্য পুনৰ গঠন” বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2023 7:08 pm

ললিত চন্দ্ৰ ভৰালী (এলচিবি) কলেজৰ অৰ্থনীতি, পদাৰ্থ বিজ্ঞান আৰু আইকিউএচি বিভাগে “প্ৰযুক্তি: শৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্যৰ পুনৰ গঠন” বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰে।

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (ASTEC), NEDFI আৰু ICFAI বিজনেছ স্কুলে আলোচনা চক্ৰখন স্পনছ’ৰ কৰিছে।

আলোচনা চক্ৰৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক অধ্যাপক প্ৰদীপ ফুকনে উদ্বোধনী ভাষণ প্ৰদান কৰে।

আদৰণি ভাষণ প্ৰদান কৰে এল চি বি কলেজৰ অধ্যক্ষ ড০ অমৰেন্দ্ৰ কলিতাই।

আলোচনা চক্ৰৰ বিষয়বস্তুৰ ওপৰত ASTEC-ৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই এক বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে।

এই আলোচনা চক্ৰখন যৌথভাৱে আঁত ধৰে এল চি বি কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মনীষা ফুকন আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰুমিয়া বেগমে। ড০ ৰুমিয়া বেগমে আলোচনা চক্ৰৰ আয়োজনৰ মূল উদ্দেশ্য আৰু আঁৰৰ ধাৰণা ব্যাখ্যা কৰে।

দেশৰ বিভিন্ন প্ৰান্তৰ আৰু বিদেশৰ শিক্ষাবিদ, গৱেষক পণ্ডিত আৰু আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অনলাইন আৰু অফলাইন দুয়ো ধৰণে মুঠ ৫০ খন গৱেষণা পত্ৰ উপস্থাপন কৰে।

মুখ্য বক্তা কলকাতাৰ এছ.এন. বসু  নেচনেল চেণ্টাৰ ফৰ বেচিক ছায়েন্সৰ জ্যেষ্ঠ অধ্যাপক সমীৰ কুমাৰ পালে স্বাস্থ্যজনিত সমস্যা মোকাবিলা কৰিবলৈ ডিজিটেল উদ্ভাৱনৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ নিজৰ গৱেষণামূলক কাম-কাজৰ উল্লেখ কৰি স্বাস্থ্যজনিত সমস্যা মোকাবিলা কৰিবলৈ তেওঁৰ উদ্ভাৱনসমূহৰ প্ৰয়োগৰ বিষয়ে ব্যাখ্যা কৰে।

আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউএছআইচি এণ্ড ইনষ্ট্ৰুমেণ্টেচন বিভাগৰ অধ্যাপক আৰু মুৰব্বী ড০ উৎপল শৰ্মা আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আৰু যুৱ বিজ্ঞানী বঁটাপ্ৰাপ্ত ড০ হেমেন কলিতাই বিশেষ আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে।

ড০ উৎপল শৰ্মাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে মানৱীয় আৰু সমাজ বিজ্ঞানৰ মাজত সহযোগিতামূলক কামৰ সম্ভাৱনাৰ ওপৰত তেওঁৰ ধাৰণা সদৰী কৰে। ৩টা পেটেণ্ট আৰু বহুতো বিদ্যায়তনিক কৃতিত্ব থকা ড° হেমেন কলিতাই বিস্ময়কৰ সামগ্ৰী ‘গ্ৰেফিন’ আৰু ইয়াৰ বাস্তৱ জীৱনৰ সমস্যা সমাধানৰ ক্ষমতা যেনে নদী আৰু সাগৰৰ পানীৰ পৰা বিপজ্জনক তেল আঁতৰোৱা, জলভাগৰ পৰা বিষাক্ত আৰু প্ৰদূষক ৰং আঁতৰোৱাৰ কৌশল, ফৰ্মেলিন চিনাক্তকৰণকে ধৰি বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক বন্তি তিৰু, আই আই টি গুৱাহাটীৰ হিউমেনিটিছ এণ্ড ছচিয়েল চায়েন্স বিভাগৰ সহকাৰী অধ্যাপক ড° অমৰজ্যোতি মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° পুৰবী বৈশ্য, আৰু এল চি বি মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ জুমি কলিতাই চাৰিটা কাৰিকৰী অধিবেশনত অনুষ্ঠিত আলোচনাত অধ্যক্ষতা কৰে।

সামৰণি অধিবেশনত অধ্যক্ষ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° নিছাৰ আহমেদ বৰুৱা আৰু সহ অধ্যক্ষ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ই চি ই বিভাগৰ অধ্যাপক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰে ৷ তেওঁলোকে এটা প্ৰাসংগিক বিষয়ত আলোচনা চক্ৰখন আয়োজন কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।

চাৰিগৰাকী ‘শ্ৰেষ্ঠ গৱেষণা পত্ৰ উপস্থাপক’ক প্ৰমাণ পত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। আন গৱেষণা পত্ৰ উপস্থাপকসকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এল চি বি কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সমন্বয়ক ড০ জুবলী গোস্বামীৰ শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।