NORTHEAST NOW (Assamese)
অসম

মঙলদৈত আলটাফ মজিদ সোঁৱৰণী চুটি বোলছবি মহোৎসৱৰ সফল সামৰণি 

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী November 12, 2018 9:23 pm
IMG-20181112-WA0051

মঙলদৈ জীপচী গিল্ডৰ উদ্যোগত আলটাফ মজিদৰ সোঁৱৰণত  দুদিনীয়াকৈ অনুষ্ঠিত চুটি বোলছবি মহোৎসৱৰ দেওবাৰে নিশা সফল সামৰণি পৰে।

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালিকা ডাঃ সান্তনা বৰদলৈয়ে উদ্বোধন কৰা এই চুটি বোলছবি মহোৎসৱত সত্যজিৎ ৰায়ৰ ‘অনুকুল’, নবজোৎ গুলাটীৰ ‘জয় মাতা দি’, নিৰজ জ্ঞানৰ ‘জুইচ’, ৰাকেশ চাংখেৰ ‘এম জি ৰোড’, দিব্যনাছ পণ্ডিতৰ ‘লালন ফ্ৰম এলাহাবাদ’, এচ ৰাজৰ ‘বেলেঞ্চ’ আৰু পাৰ্থমেচ কৃচাঙৰ ‘ওৱান লাষ্ট কুৱেশ্যন’ নামৰ চুটি ছবি কেইখন প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে, ১০ নৱেম্বৰত জিপচী গীল্ডৰ সম্পাদক জয়ন্ত ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নাট্যকাৰ-পৰিচালক নয়ন প্ৰসাদ, আলটাফ মজিদৰ সহধৰ্মিনী জেবিন আহমেদ, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা হেমন্ত দত্ত আদি উপস্থিত থাকে।

জিপচী গীল্ডৰ নিজা প্ৰেক্ষাগৃহত হোৱা এই মহোৎসৱত দৰ্শকৰ উপস্থিতি আছিল আশাব্যঞ্জক। ইফালে এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলতাফ মজিদৰ প্ৰতিচ্ছবি অংকনৰ ৰাজ্যিক ভিত্তিক অনলাইন শাখাত মঙলদৈৰে অজিত বনিয়াই আৰু থিতাতে অংকন শাখাত ভকতপাৰাৰ ৰমজান আলীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰে।