NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ সধাৰু নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ দুই কিশোৰৰ মৃতদেহ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম June 19, 2021 7:19 pm
dog

কালি বিশ্বনাথৰ সাধাৰু নৈত ২ কিশোৰ সন্ধানহীন হোৱাৰ পিছত আজি দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে।

বিশ্বনাথৰ নীলপুৰৰ ২ কিশোৰ ক্ৰমে জুলু টুকু আৰু জনৈক টাকলু সাধাৰু নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল । কালি দুপৰীয়া নীলপুৰ চাহ বাগিচাৰ প্ৰায় এঘাৰজন কিশোৰ সাধাৰু নৈৰ পাৰলৈ আহিছিল আৰু তাৰে দুজন কিশোৰে নৈখনত গা ধুবলৈ নামিছিল।

১২/১৩ বছৰীয়া দুই কিশোৰে গা ধুই থকা অবস্থাতে হঠাৎ নৈখনৰ পানীত ডুব যায়।
লগে লগে দুই কিশোৰৰ বন্ধুসকলে উক্ত ঘটনা তেওঁলোকৰ পৰিয়ালৰ লোকক জনোৱাৰ পিছতহে এই ঘটনা পোহৰলৈ আহে।

আজি বিশ্বনাথৰ এই সাধাৰু নৈত এই সন্ধানহীন কিশোৰ দুজনক বিচাৰি অভিযান চলালে বিশ্বনাথ আৰক্ষীৰ সহযোগত SDRFৰ দলে।

অবশেষত আজি বিয়লি দুই সন্ধানহীন যুবকৰ সন্ধান লাভ কৰে সাকোমঠা চাহ বাগিচাৰ লোকে।
সাকোমঠা মঠা চাহ বাগিচাৰ অন্তৰ্গত দুটাকৈ পৃথক স্থানৰ পৰা নৈত মৃতদেহ দুটা ওপঙি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰে।

উক্ত স্থানত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।