NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত আৰক্ষীৰ অভিযানত অবৈধ কাঠফলা মিল উৎখাত; জব্দ ৩ লাখ টকাৰ চোৰাং কাঠ

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং October 14, 2019 6:14 pm
Police operation

ধুবুৰী জিলাৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা কাঠফলা মিল সমূহ বন্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে সন্ধিয়া উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ এটা দলে জিলাখনৰ আঠানি আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পিয়াজবাৰী গাঁৱত অভিযান চলায়।

অভিযান কালত আৰক্ষীৰ দলটোৱে দুটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে বৃহ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানৰ সময়ত আৰক্ষীয়ে আচৰুদ্দিন আলি নামৰ এজন লোককো আটক কৰিছে। আচৰুদ্দিন আলি দক্ষিণ শালমাৰাৰ ফকিৰাগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং শালমাৰা গাঁৱৰ ৰবিচান্দ আলিৰ পুত্ৰ।

আৰক্ষীয়ে আটাকাধীন লোক জনকে অবৈধ কাঠফলা মিল দুটাৰ মালিক বুলি সন্দেহ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, আৰক্ষীৰ অভিযানৰ সময়ত কাঠফলা মিল দুটাত কাম কৰা অন্য লোক সকলে পলাই সাৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত বন বিভাগে জব্দ কৰা কাঠখিনৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।

এই সংক্ৰান্তত বন আইনৰ নিৰ্ধাৰিত ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰো ৰুজু কৰা হৈছে বুলি খবৰ লাভ কৰা হৈছে।

ধুবুৰী জিলাত বন বিভাগৰ চকুৰ আগতে বহু অবৈধ কাঠফলা মিল চলি আছে বুলি স্থানীয় ৰাইজে উল্লেখ কৰি এই ক্ষেত্ৰত বিভাগটোৱে চকু মুদা কুলিৰ ভাও ধৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।