NORTHEAST NOW (Assamese)
অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰিও দুঃখিত পুৰণিগুদামৰ দুই ছাত্ৰী

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা June 9, 2020 12:17 pm

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিও দুখত ম্ৰিয়মান নগাঁৱৰ পুৰণিগুদামৰ দুগৰাকী ছাত্ৰী।

পুৰণিগুদামস্থিত হালোৱাগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হিন্দী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা ৰিম্পী বৰাক যি জন পিতৃয়ে সৰুৰে পৰা নিতৌ চাইকেলৰে শিক্ষানুষ্ঠানলৈ অনা নিয়া কৰাৰ লগতে ভালকৈ পঢ়াশুনা কৰিবলৈ যথেষ্ট কষ্ট তথা উৎসাহিত কৰিছিল সেইজন পিতৃ কিন্তু ৰিম্পীৰ সুখৰ দিনত কাষত উপস্থিত নথকাকলৈ অতিশয় দুঃখিত ছাত্ৰী গৰাকীৰ।

কাৰণ দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিবৰ বাবে বহিঃৰাজ্যত কৰ্মৰত পিতৃ দেশজুৰি অব্যাহত থকা দীঘলীয়া লকডাউনৰ বাবে বহিঃৰাজ্যতে আৱদ্ধ থাকিব লগীয়া হোৱাত উপভোগ কৰিব নোৱাৰিলে ৰিম্পীৰ সুখৰ মুহুৰ্তবোৰ, জীয়ৰীৰ সফলতাৰ বিষয়ে ফোনতে অৱগত হৈ উচুপী উঠিল ৰিম্পীৰ পিতৃয়ে।

দৰিদ্ৰ পৰিয়ালৰ ৰিম্পীক ভৱিষ্যতে অধ্যয়ন কৰিবৰ বাবে কেনেকৈ সুবিধা কৰি দিব পাৰিব তাক লৈ এতিয়া ঘোৰ চিন্তিত হৈ পৰিছে ৰিম্পীৰ টেম্প’ চালক ভাতৃয়ো।

ইফালে ৰিম্পীৰ দৰে পুৰণিগুদামৰ ম’ৰাচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাব ছাত্ৰী সৌজন্যা শইকীয়াৰ ক্ষেত্ৰতো অনুৰূপ পৰিস্থিতি।

কেইবা বছৰৰ আগতেই পিতৃক হেৰুৱা সৌজন্যাক শিক্ষাৰ দিশত কোনো অসুবিধা নোহোৱাকৈ আগবঢ়াই নিবৰ বাবে পুৰণিগুদামৰে শংকৰদেৱ বিদ্যা নিকেতনৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মদান কৰি অহা মাতৃয়ে এতিয়া পিতৃহাৰা নিজৰ সন্তানক কেনেদৰে পৰৱৰ্তী সময়ত শৈক্ষিক দিশত আগবঢ়াই নিব তাকলৈ চৰম বিবুদ্ধিত পৰা দেখা গৈছে।