NORTHEAST NOW (Assamese)
অসম

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

Posted by: চানু গগৈ Updated by: চানু গগৈ March 1, 2021 9:05 pm
index.jpg12

মৰিগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত থানাগড়া গাঁৱৰ দুগৰাকী কলেজীয়া ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ সন্দৰ্ভত থানাগড়া গাঁৱৰ মিৰাজ আলীৰ পত্নী মাইনা খাতুনে মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ মতে, তেওঁলোকৰ কন্যা তথা লাহৰীঘাটৰ নগাবন্ধা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ইমৰানা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে যোৱা ২৩ ফেব্ৰুৱাৰিৰ দিনা মহাবিদ্যালয় লৈ যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছে।

একেদৰে একেখন গাঁৱৰে তথা ইমৰানাৰ বান্ধৱী মৰিগাঁৱত অধ্যয়নৰত উমনে হানী নামৰ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীও সিদিনাৰে পৰা নিৰুদ্দেশ হৈ আছে।

ইফালে উমনে হানী নামৰ ছাত্ৰী গৰাকীয়ে ২৩ আৰু ২৪ ফেব্ৰুৱাৰৰ সন্ধিয়া নিজা ম’বাইল ফোন যোগে ইমৰানাৰ পিতৃ মাতৃৰ লগত যোগাযোগ কৰে যদিও বৰ্তমান ম’বাইল বন্ধ ৰখা বুলিও ইমৰানাৰ পিতৃ মিৰাজ আলীয়ে জনাইছে।

ঘটনাৰ সন্দৰ্ভত ২৬ ফেব্ৰুৱাৰীত মৰিগাঁও সদৰ থানাত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে আৰক্ষীয়ে ছাত্ৰী দুগৰাকীৰ সন্দৰ্ভত কোনো সন্ধান উলিয়াব পৰা নাই।

উল্লেখযোগ্য যে নগাবন্ধা মহাবিদ্যালয়ৰ ছাত্ৰী ইমৰানা খাতুন এগৰাকী ভাল খেলুৱৈ।

বৰ্তমান ইমৰানা খাতুন নামৰ ছাত্ৰী গৰাকীৰ পিতৃ মাতৃ শোকত ম্ৰিয়মান হৈ পৰিছে। কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান পালে ৯৬৭৮৫-৩৯০৪২ ম’বাইল নম্বৰত ফোন কৰি জনাবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

স্মৰ্তব্য যে প্ৰায় এসপ্তাহ ধৰি পৰিয়ালৰ লোকে ছাত্ৰী দুগৰাকীক বিচাৰিও কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।