NORTHEAST NOW (Assamese)
অসম

নিৰাপত্তাৰক্ষীৰ অভিযানত দুগৰাকী দুৰ্ধৰ্ষ এন ডি এফ বি (এচ)ৰ মহিলা কেডাৰ আটক

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 1, 2019 8:14 pm
Two women NDFB cader arrested in Chirang

সেনা আৰু আৰক্ষীৰ যুতীয়া অভিযানত চিৰাং জিলাৰ বিজনীৰ পৰা ৩০ জুনত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত পন্থী)ৰ দুগৰাকী মহিলা কেডাৰ আটক হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা মহিলা কেডাৰ দুগৰাকী ক্ৰমে এন ডি এফ বি (এচ)ৰ ৪২ নং আৰু ৪০ নং গোটৰ ৰতিমা বৰগয়াৰী আৰু জুলি বসুমতাৰী বুলি পৰিচয় লাভ কৰা গৈছে।

দীৰ্ঘদিন ধৰি এন ডি এফ বিৰ লগত জড়িত হৈ থকা মহিলা কেডাৰ ৰতিমা বৰগয়াৰীৰ ঘৰ চিৰাং জিলাৰ বেছৰবাৰীত আৰু জুলি বসুমতাৰীৰ ঘৰ শোণিতপুৰ জিলাৰ কৰ্দৈগুৰিত।

নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত আটক হোৱা এন ডি এফ বিৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ দুগৰাকীৰ পৰা অভিযান কালত এটা .২২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী জব্দ কৰা হয়।

উল্লেখযোগ্য যে, আটকাধীন মহিলা কেডাৰ দুগৰাকীয়ে চিৰাং জিলাৰ বিভিন্ন অঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ সংগঠনিক ভেটি শক্তিশালী কৰা আৰু নতুন সদস্য ভূক্তিৰ কামত জড়িত হৈ আছিল।

নাগালেণ্ডৰ পৰা প্ৰশিক্ষণ লাভ কৰা মহিলা কেডাৰ দুগৰাকীয়ে নাগালেণ্ডৰ পৰা আহি চিৰাং জিলাত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰি সংগঠনৰ কাম কৰাৰ বাবে উপস্থিত হৈছিল।