NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ ব্যৱসায়ী হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী লোকক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2022 3:34 pm
Guwahati trader murder case

সোমবাৰে গুৱাহাটী মহানগৰীত দিন-দূপৰতে এগৰাকী ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী লোকক জেৰাৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলত হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা দিছপুৰ আৰক্ষীয়ে ৰাজা দাস আৰু ৰাচিদুল আলী নামৰ দুগৰাকী যুৱকক কালি সন্ধিয়া আটক কৰে।

উল্লেখ্য যে, সোমবাৰে পাঞ্জাবাৰীৰ বেংকৰ সন্মুখ মটৰ চাইকেল আৰোহী দুই অচিনাক্ত যুৱকে গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী ৰঞ্জিত বৰাক।

পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ উদ্যোগত পুৰবী ব্ৰেণ্ড নামেৰে প্ৰস্তুত কৰা গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বিতৰক আছিল নিহত বৰা।

পাঞ্জাবাৰীস্থিত আইচিআইচিআই বেংকৰ শাখাৰ বাহিৰত ৰখাই থোৱা গাড়ীৰ ভিতৰতে দুপৰীয়া তেওঁক গুলীয়াই হত্যা কৰে যুৱক কেইগৰাকীয়ে।

গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলৰ বাসিন্দা ৰঞ্জিত বৰাক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

যোৱা ১২ বছৰ ধৰি নিহত বৰা পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড (পূৰবি দুগ্ধ)ৰ সৈতে গাখীৰ আৰু গাখীৰ উৎপাদিত সামগ্ৰীৰ বিতৰক হিচাপে জড়িত হৈ আছিল।