NORTHEAST NOW (Assamese)

শিৱসাগৰত কা’ৰ বিৰুদ্ধে প্ৰতিবাদত দুঘন্টীয়া নিষ্প্ৰদীপ ক’লা দিৱস পালন

December 26, 2019 8:56 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰত দুঘন্টীয়া নিষ্প্ৰদীপ ক'লা দিৱস পালন। ফটো: নৰ্থইষ্ট নাও

আজি দুঘন্টাৰ বাবে অন্ধকাৰত ডুব গ’ল শিৱসাগৰ। ৰাইজৰ স্বত:স্ফুৰ্ত সঁহাৰিৰ মাজেৰে দুঘন্টীয়া নিষ্প্ৰদীপ ক’লা দিৱস ৰূপায়ন কৰা হয়।

কা’ বাতিল, অখিল গগৈ শৃংখল চলিহাৰ বিনাচৰ্তে মুক্তি আৰু বিজেপিৰ হিটলাৰী শাসনৰ প্ৰতিবাদত দুঘন্টাৰ বাবে শিৱসাগৰ চহৰৰ দোকান পোহাৰকে ধৰি ব্যক্তিগত ঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠানে লাইট নুমুৱাই ৰাইজে আজি দুঘন্টাৰ বাবে নিষ্প্ৰদীপ কলা দিৱস পালন কৰে।

উল্লেখ্য যে শৃংখল চলিহাৰ পিতৃ ৰমু ওৰফে প্ৰণৱজিত চলিহাই সমুহ ৰাইজক আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ সকলো লাইট বন্ধ কৰি কা’ৰ বিৰোধিতা আৰু বিজেপিৰ হিটলাৰী শাসনৰ বিৰুদ্ধে কলা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়।

অসম আন্দোলনৰ একালৰ প্ৰভাৱশালী নেতাজনৰ এই আহ্বানত সঁহাৰি জনাই শিৱসাগৰৰ সকলো দোকান পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান তথা ব্যক্তিগত ঘৰৰ লাইট দুঘন্টাৰ বাবে নুমুৱাই কা’ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে।

Related News