NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2025 3:58 pm

ভয়ানক ঘটনা! ৱাশ্বিংটনত ইজৰাইলৰ দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা কৰা হৈছে! ৱাশ্বিংটনৰ ইহুদী সংগ্ৰহালয়ৰ সন্মুখত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক গুলীয়াই হত্যা কৰা হয়।

বুধবাৰে নিশা ৱাশ্বিংটন ডি চিৰ ইহুদী মিউজিয়ামৰ সমীপত ইজৰাইলৰ দূতাবাসৰ দুজন কৰ্মচাৰীক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হয়। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

ফ্ৰী পেলেষ্টাইনশ্লোগান

জানিব পৰা মতে অভিযুক্তজন এজন ৩০ বছৰীয়া যুৱক। লগতে খবৰ পোৱা গৈছে যে সন্দেহযুক্ত যুৱকজনে ‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান দিছিল। অভিযুক্তৰ নাম ইলিয়াছ ৰড্ৰিগেজ।

ৰেড লাইন অতিক্ৰম

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনি ডেননে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে ইহুদী সম্প্ৰদায়ৰ ক্ষতি কৰাৰ অৰ্থ ৰেড লাইন অতিক্ৰম কৰা। এয়া ইহুদী বিৰোধী সন্ত্ৰাসবাদৰ আটাইতকৈ জঘন্য কাৰ্য্য।

ঘটনাক গৰিহণা দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে

ট্ৰাম্পেও এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। ট্ৰাম্পে কয়, “এই ভয়ংকৰ ৱাশ্বিংটন হত্যাকাণ্ডৰ শিপা ইহুদী বিদ্বেষৰ পৰাই আহিছে। ইয়াৰ অন্ত এতিয়াই শেষ হ’ব লাগিব! আমেৰিকাত ঘৃণা আৰু মৌলবাদৰ কোনো স্থান নাই।” তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।