NORTHEAST NOW (Assamese)
অসম

বজ্ৰপাতৰ ফলত গুৱাহাটী আৰু দৰঙত দুজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2023 6:57 am

ৰাজ্যখনৰ দুটা পৃথক স্থানত বুধবাৰে বজ্ৰপাতৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি এক চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) প্ৰতিবেদনত কোৱা হৈছে যে দৰং জিলাত এজন লোক নিহত হোৱাৰ লগতে  কামৰূপ (মেট্ৰ’)ত আন এজন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছে।

প্ৰথম ঘটনাটোত, দৰং জিলাৰ খাৰপোৰী গাঁৱত বজ্ৰপাতৰ ফলত মাজুৰুদ্দিন নামৰ এজন ৬০ বছৰীয়া ব্যক্তিৰ মৃত্যু হয়।

ASDMAৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে গুৱাহাটীৰ সতগাঁও অঞ্চলত বজ্ৰপাতৰ ফলত ১৩ বছৰীয়া মমতা বেগম নামৰ এগৰাকী নাবালিকাৰ মৃত্যু হয়।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা আগজাননী অনুসৰি অহা দুদিনত গুৱাহাটীত শিলাবৃষ্টিৰ লগতে দুই এজাক পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

তদুপৰি, এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননীও দিয়া হৈছে।