NORTHEAST NOW (Assamese)
অসম

পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ সৰৱ শিৱসাগৰৰ দুই সংগঠন নেতা

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 11, 2022 3:49 pm

পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ সৰৱ শিৱসাগৰৰ দুই সংগঠন নেতা।

পৌৰ নিৰ্বাচনত কোনো কাৰণত অনা অসমীয়া লোকক প্ৰাৰ্থিত্ব নিদিবলৈ আহ্বান।

বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, অগপ আদিকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাৰ।

অন্যথা তেনে দলৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতে পৌৰ নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দুই নেতাৰ।

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই অনা অসমীয়া ব্যক্তিক পৌৰ নিৰ্বাচন টিকট নিদিবলৈ কোৱা মন্ত্যব্যৰ পাছত শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক দল সমূহৰ মাজত।