NORTHEAST NOW (Assamese)
অসম

পাঞ্জাৱৰ চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই খালিস্তানী পাতাকা উৰুৱালে দুজন দুষ্কৃতিকাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 9:20 am
পাঞ্জাৱৰ চৰকাৰী ভৱনত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই খালিস্তানী পাতাকা উৰুৱালে দুজন দুষ্কৃতিকাৰীয়ে

সমগ্ৰ দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়তে পঞ্জাৱৰ এটা চৰকাৰী ভৱনত দেশৰ ৰাষ্ট্ৰীয় পতাকা অৱনমিত কৰি দুগৰাকী দুষ্কৃতিকাৰীয়ে খালিস্তান লিখা থকা গেৰুৱা পতাকা উত্তোলন কৰে।

পঞ্জাৱৰ মুগাত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে পৰৱৰ্তী সময়ত খালিস্তানী পতাকাখন আতৰাই পেলাই আৰু নতুন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

”আমাৰ হাতত চিচি টিভ ফুটেজ আৰু আৰু অতি সোনকালে দুষ্কৃতিকাৰী সকলক কৰায়ত্ত কৰাৰ ব্যৱস্থা কৰা হ’ব,” আৰক্ষীয়ে লগতে কয়।

ভাৰতৰ বিভিন্ন প্ৰান্তত আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লাল কিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশক আত্মনিৰ্ভৰ হোৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়।

মোদীয়ে ভাৰতবাসীয়ে এবাৰ কিবা সংকল্প কৰিলে সেই সংকল্পত উপনীত নোহোৱালৈ চেষ্টা অব্যাহত ৰাখে বুলিও লগতে কয়।