NORTHEAST NOW (Assamese)
অসম

শিলচৰত কাৰাগাৰ ভাঙি পলাল হত্যাত অভিযুক্ত দুই অপৰাধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 4:01 pm

কাছাৰ জিলাৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে (১১ মে’) কাৰাগাৰ ভংগৰ ঘটনা সংঘটিত হয়।

কাছাৰ জিলাৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰ শাস্তি ভুগি থকা কমেও দুজন হত্যাৰ অপৰাধীয়ে কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক: কেজৰিৱালৰ হাতত ‘পৰাস্ত’ কেন্দ্ৰ; দিল্লী ‘চলোৱাৰ’ যুঁজত পালে বৃহৎ জয়: ৰায় উচ্চতম ন্যায়ালয়ৰ

বাতৰি অনুসৰি, কাৰাগাৰৰ এখন দেৱালৰ পিনে গাঁত খান্দি শিলচৰ কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় উক্ত অপৰাধী। বুধবাৰে (১০ মে’) গভীৰ নিশা সংঘটিত হয় এই ঘটনা।

ইফালে, কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব উদ্ধৱ থাকৰে – উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

তদুপৰি, ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে।