NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ চাংলাঙত দুই দুৰ্ধৰ্ষ এন এছ চি এন (আৰ)ৰ কেডাৰ আটক

Posted by: মানস প্ৰতিম গগৈ March 24, 2019 8:06 pm

অৰুণাচল প্ৰদেশৰ চাংলাঙত আজি ভাৰতীয় সেনাৰ আছাম ৰাইফলছে দুৰ্ধৰ্ষ নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি আছাম ৰাইফলৰ চাংলাঙ গোটে অভিযান চলাই কেডাৰ দুজনক আটক কৰে।

আটকাধীন কেডাৰ দুগৰাকীক চালবীম চলঠিং আৰু ৰেছাম ৰেখাং বুলি চিনাক্ত কৰা হৈছে বুলি সেনাৰ সূত্ৰৰ প্ৰকাশ। কেডাৰ দুগৰাকীৰ পৰা আছাম ৰাইফলছে এটা পিষ্টলসহ চাৰিজাই সক্ৰিয় গুলী, নগদ ১০ হাজাৰ টকা আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে।

ইতিমধ্যে ধৃত কেডাৰ দুজনক আছাম ৰাইফলছে চাংলাং আৰক্ষীক গতাই দিছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত দীৰ্ঘদিন দিন ধৰি নগা উগ্ৰপন্থী সংগঠন সমূহে কুচকাৱাজ অব্যাহত ৰাখিছে।