NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎস্পৃষ্ট হৈ গুৱাহাটী তেল শোধনাগাৰত দুজন অইল কৰ্মীৰ মৃত্যু, এজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2023 6:30 pm

শনিবাৰে পুৱা গুৱাহাটীৰ নাৰেংগীত সংঘটিত হোৱা বিদ্যুৎস্পৃষ্ট কাণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন এজন আহত হয়।

নাৰেংগীস্থিত অইল চৌহদৰ ভিতৰত কাম কৰি থকা অৱস্থাত মাটিত উন্মুক্ত হৈ থকা উচ্চ শক্তিৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে এই কৰ্মী তিনিজন।

ইয়াৰে দুজন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পিছতে আহত শ্ৰমিকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়।

এতিয়াও জানিব পৰা হোৱা নাই নিহতসকলৰ পৰিচয়।

সংবাদ মাধ্যমত প্ৰচাৰ পোৱা খবৰ অনুসৰি শ্ৰমিক দুজনৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল অইল কৰ্তৃপক্ষই।

স্মৰ্তব্য যে চলিত মাহৰ আৰম্ভণিতে অসমৰ কাছাৰ জিলাৰ বৰখোলাত বৈদ্যুতিক তাঁৰৰ সমস্যা সমাধানৰ সময়ত বিদ্যুৎ ব’ৰ্ডৰ এজন কৰ্মচাৰীয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

সূত্ৰ অনুসৰি বিক্ৰম দাস নামৰ বিদ্যুৎ কৰ্মীজনে কাম কৰি থকাৰ সময়তে হঠাতে উপকেন্দ্ৰটোৱে বিদ্যুৎ সংযোগ চালু কৰে। ফলত বিক্ৰম মাটিত পৰি থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজে লগে লগে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।