NORTHEAST NOW (Assamese)
অসম

সেনাৰ গুলীত নিহত দুজন পাকিস্তানী সন্ত্ৰাসবাদী, এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 8:43 am
Encounter

জম্মু-কাশ্মীৰৰ পুঞ্চত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। লগতে এজন সন্ত্ৰাসবাদীক সেনাই গ্ৰেপ্তাৰ কৰে।

দেওবাৰে পুঞ্চত গুলীৰ সংঘৰ্ষৰ পাছত সেনাই এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে পুঞ্চত তালাচী অভিযান চলাইছিল।

পুঞ্চ জিলাৰ দুৰ্গন পোছনা অঞ্চলত নিছিদ্ৰ তালাচীৰ চলাই সেনাই গোটেই অঞ্চলটো ঘেৰি ৰাখে।

সেনাই গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খৱৰ লাভ কৰিছিল।

জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজিয়ে জানিবলৈ দিয়ে যে পাকিস্তানৰ পৰা তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটো কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ খৱৰ তেওঁলোকে লাভ কৰিছিল।

অঞ্চটোত ঘাটি স্থাপনৰ চেষ্টা চলোৱাৰ খৱৰ লাভ কৰি শনিবাৰেই অভিযানকাৰী দলটো অঞ্চলটোত উপস্থিত হয়। কিন্তু অত্যাধিক তুষাৰপাতৰ বাবে তালাচী অভিযান আৰম্ভ কৰিব পৰা নাছিল।

দেওবাৰে বিয়লি বতৰ কিছু ফৰকাল হোৱাৰ পাছত সেনা-আৰক্ষীৰ দলটোৱে অভিযান আৰম্ভ কৰে।

অভিযানকাৰী দলটোৱে প্ৰথমতে সন্ত্ৰাসবাদীকেইজনক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে যদিও সন্ত্ৰাসবাদীকেইজনে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাইয়ো গুলীচালনা কৰে। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ লগতে এজনক সেনাই গ্ৰেপ্তাৰ কৰে।