NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত পহুৰ মাংসৰ সৈতে দুজন লোক গ্ৰেপ্তাৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 1, 2020 12:32 pm

বিশ্বনাথৰ বন্যপ্ৰাণী বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত পহুৰ মাংসৰ সৈতে দুজন লোক গ্ৰেপ্তাৰ হয়।

অভিযানকাৰী দলটোৱে বিহালীৰ ৰাংচালি দলনি গাঁৱৰ এটা পাম ঘৰৰ পৰা পহুৰ মাংসৰ সৈতে লোক দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজন বিহালীৰ ৰাংচালিৰ কাছকটা গাঁৱৰ বিশ্বজিৎ বৰুৱা ওৰফ টকৌ আৰু দলনি গাঁৱৰ অকমান লৰা বৰা ওৰফে হলিৰাম।

গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা অভিযানকাৰী দলটোৱে তিনিখন পহুৰ ছালো জব্দ কৰে।

বিগত ২৮ জুনতো বিশ্বনাথত বন বিভাগে অভিযান চলাই এটা খটীয়া পহুৰ সৈতে আব্দুল আলি নামৰ এগৰাকী লোকক আটক কৰিছিল।

ব্ৰহ্মপুত্ৰ নদীত বানপানীত উটি অহা খৰি ধৰিবলৈ গৈ খটীয়া পহুটিক ধৰি নাওঁত খৰিৰ মাজত লুকুৱাই আনিছিল ধৃত আব্দুল আলিয়ে।

উল্লেখযোগ্য যে, ৰাজ্যত বানপানীৰ প্ৰকোপৰ বাবে বনাঞ্চলৰ পৰা বিভিন্ন জীৱ-জন্তু ওখ ঠাইৰ সন্ধানত ওলাই আহে।

বিশ্বনাথৰ সচতেন ৰাইজে বানপানীৰ সময়ত পশু-পক্ষীৰ জীৱন সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়।