NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাও জিলাৰ হাতিখালীৰ দিবলঙত দুজনকৈ লোকক নৃশংসভাৱে হত্যা

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব June 22, 2019 9:02 pm

ডিমা হাচাও জিলাৰ লাঙটিং আৰক্ষী থানাৰ অন্তৰ্গত হাতিখালীৰ দিবলং ৰেল ষ্টেচনৰ ওচৰৰ ৬ নম্বৰ গ্যাঙ কোৱাটাৰত যোৱা ২১ জুনৰ নিশা দুটাকৈ হত্যা কাণ্ড সংঘটিত হয়।

কানহাইয়া চৌহান (৫০)আৰু শিৱা গুৱালা (৩০) নামৰ দুজনকৈ লোকক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে দুৰ্বৃত্তই।

হত্যা কাণ্ডৰ প্ৰকৃত কাৰণ বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই যদিও প্ৰাপ্ত তথ্য মতে ২১ জুনৰ নিশা স্থানীয় সূৰ্য ছেত্ৰী নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰায় ৪-৫ জন লোকে মিলি সুৰা সেৱন কৰিছিল। পিছত তেওঁলোকৰ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হয় আৰু কানহাইয়া আৰু শিবাক হত্যা কৰা হয় বুলি সন্দেহ কৰা হৈছে।

আনহাতে হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি সন্দেহ কৰা তথা অভিযুক্ত কেইজন ক্ৰমে ৰেড বাহাদুৰ তামাং, সূৰ্য ছেত্ৰী, বুদানি ছেত্ৰী, সন্ধ্যা ছেত্ৰী পলাতক হৈ আছে।

ইফালে ঘটনা সন্দৰ্ভত অৱগত হৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলঙলৈ প্ৰেৰণ কৰে।