অৰুণাচলৰ গান্ধী বজাৰত সংঘটিত ভয়ানক অগ্নিকাণ্ডত গুৰুতৰভাবে আহত দুজন লোক
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।
অৰুণাচল প্ৰদেশৰ গান্ধী বজাৰত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডত দুজন লোক গুৰুতৰভাবে আহত হয়।
আমি লাভ কৰা খবৰ অনুসৰি লোহিত জিলাৰ তেজু নগৰত থকা গান্ধী বজাৰত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডটোত সাতটা ঘৰৰ উপৰিও ১২ খনকৈ দোকান জ্বলি ভষ্মীভূত হয়।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ইণ্ডো-তিব্বত সীমান্ত বাহিনী (আই টি বি পি)ৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ৰাজ্যখনৰ অগ্নি নিৰ্বাপক বাহিনীয়ে আই টি বি পিৰ সহযোগত তিনিঘণ্টাজোৰা অভিযানৰ অন্তত অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
আনহাতে, এতিয়ালৈ দুৰ্ঘটনাটোৰ ফলত কোনো লোকৰ মৃত্যু হোৱা বাতৰি লাভ কৰা হোৱা নাই। প্ৰায় ১ কোটিতকৈও অধিক মূল্যৰ সা-সম্পত্তি জুইত জাহ যায়।