NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ লতিবাৰীৰ পৰা নিৰুদ্দিষ্ট দুগৰাকী ছাত্ৰ; অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ September 21, 2021 1:21 pm
Child missing from Lotibari

তামুলপুৰ মহকুমাৰ লতিবাৰীৰ পৰা দুগৰাকী ছাত্র নিৰুদ্দিষ্ট হৈছে।

শ্যামল শীলৰ ১৪ বছৰীয়া পুত্ৰ ৰাজীৱ শীল আৰু আন এগৰাকী বিনন দাস নামৰ  ১০ বছৰীয়া ছাত্ৰ নিৰুদ্দেশ হৈ আছে।

সোমবাৰে সন্ধিয়া ৰাজীৱ শীলে মাজগাড়ী গাঁওৰ বিনন দাস নামৰ দহ বছৰীয়া ছাত্র গৰাকীৰ লগত সন্ধিয়া ৫-০০ বজাত ওলাই গৈছিল বনৰীয়া হাতীৰ জাক চাবলৈ।

তাৰ পিছত দুয়োজন ছাত্র এতিয়ালৈ ঘৰলৈ ঘূৰি অহা নাই।

বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও ছাত্র দুজনৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে।

ৰাজীৱ লতিবাৰী শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ইপিনে, দুয়োটা পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

দুই ছাত্ৰৰ সন্ধানত নামি পৰিছে নাগ্ৰীজুলি আৰক্ষীৰ দল।

দুই ছাত্ৰৰ নিৰুদ্দেশক লৈ লতিবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।