NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচলৰ দূৰ্গম অঞ্চলত বন্দী হৈ থকা বিশ্বনাথৰ দুই ভগ্নী উদ্ধাৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 4, 2019 8:30 pm
অৰুণাচলৰ দূৰ্গম অঞ্চলত বন্দী হৈ থকা বিশ্বনাথৰ দুই ভগ্নী উদ্ধাৰ

বিশ্বনাথ আৰক্ষীয়ে চলোৱা এক সফল অভিযানত আজি অৰুণাচল প্ৰদেশৰ এক দূৰ্গম অঞ্চলত দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ থকা বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুটিবাৰী অঞ্চলৰ দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীক অনু আৰু অৰুণা মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰ পৰিয়ালৰ কিশোৰী দুগৰাকীয়ে কামৰ খাতিৰত মাক-দেউতাকৰ সৈতে গৈছিল অৰুণাচল প্ৰদেশৰ চিৰাং নামৰ এক ভিতৰুৱা অঞ্চললৈ। কিন্তু ভোকৰ এমুঠি ভাত যোগাৰ কৰিবলৈ যোৱাটোৱেই কাল হ’ল দুই ভগ্নীৰ বাবে।

কিবা কৰি মাক দেউতাকে তাৰ পৰা স্বগৃহলৈ উভতি আহিল যদিও অৰুণাচলী লোকৰ হাতত বন্দী হৈ থাকিব লগা হ’ল অণু আৰু অৰুণা মুণ্ডা।

অৱশেষত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত জিনজিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনৰ নেতৃত্বত এটি দলে অৰুণাচললৈ গৈ ১ মে’ৰ পৰা অভিযান চলাই আজি কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে।