NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী; গঁড়ৰ খৰ্গ, হাতীদাঁত আৰু হিৰ’ইন উদ্ধাৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী July 2, 2021 7:41 am
Dibrugarh smuggler arrested

আৰক্ষীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ পাঁচআলি এলেকাৰ পৰা দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা এটা গঁড়ৰ খৰ্গ, এটা হাতীদাঁত আৰু ১৯ গ্ৰাম হেৰ’ইন জব্দ কৰে।

অভিযুক্ত দুজনক মিৰাজ খান আৰু আনিজ ৰহমান বুলি চিনাক্ত কৰা হৈছে আৰু দুয়োজনেই পাঁচআলিৰ বাসিন্দা।

আৰক্ষীয়ে লগতে তেওঁলোকৰ পৰা নগদ ১.৩০লাখ টকাও উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয়,’’তথ্য লাভ কৰাৰ পাছত আমি মিৰাজ খানৰ বাসগৃহত এক তালাচী চলাই তেওঁৰ জিম্মাৰ পৰা এটা সন্দেহজনক গঁড়ৰ খৰ্গ, এটা সন্দেহজনক হাতীদাঁত আৰু ১৯ গ্ৰাম হিৰ’ইন জব্দ কৰো।‘’

মিশ্ৰই লগতে কয়, ‘’আমাৰ তদন্ত চলি আছে। এই মুহূৰ্তত আমি অধিক তথ্য সদৰী কৰিব নোৱাৰো কিয়নো আমাৰ অনুসন্ধান প্ৰাথমিক পৰ্যায়তে আছে।‘’

‘’খান আৰু ৰহমান দুয়োজনে ড্ৰাগ সৰবৰাহত জড়িত আছিল আৰু জন্তুৰ অংগৰ অবৈধ চোৰাং কাৰবাৰতো জড়িত,’’ এক সূত্ৰই জানিবলৈ দিয়ে।

‘’ডিব্ৰুগড় আৰক্ষীৰ বাবে এয়া এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে আৰু সঠিক অনুসন্ধানৰ পাছত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে,’’-সূত্ৰটোৱে কয়।