NORTHEAST NOW (Assamese)

বাওঁ মহাজোঁটে দখল কৰা জে এন য়ুৰ ছাত্ৰ একতা সভালৈ অসমৰো দুগৰাকী ছাত্ৰী নিৰ্বাচিত

September 16, 2018 11:33 pm · এন ই নাও নিউজ
Updated: September 17, 2018 9:26 am
জে এন য়ুৰ ছাত্ৰ একতা সভালৈ নিৰ্বাচিত কৰবী কাকতী আৰু শ্ৰীজনী ভাস্ব মহন্ত (বাওঁফালৰ গৰাকী)।

আজি ঘোষিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসমৰ দুগৰাকী ছাত্ৰীয়েও জয়লাভ কৰিছে।

ছাত্ৰী দুগৰাকীৰ নাম হ’ল সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতী। দুয়োগৰাকী বাওঁপন্থী মহাজোঁটৰ প্ৰাৰ্থী। সৃজনী ভাস্ব মহন্ত স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হোৱাৰ বিপৰীতে কৰবী কাকতী হ’ল গৱেষক ছাত্ৰী।

উল্লেখযোগ্য যে দেশৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়বোৰৰ অন্যতম জে এন য়ুৰ এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাওঁপন্থী মহাজোঁটে সকলো পদ দখল কৰে। গেৰুৱা বাহিনীৰ ছাত্ৰ সংগঠন এ বি ভি পি বাওঁপন্থী মহাজোঁটৰ হাতত সকলো কেইখন আসনতে ধৰাশায়ী হয়।

সভাপতিৰ পদত এন ছাই বালাজীয়ে এ বি ভি পিৰ প্ৰাৰ্থীজনক আধাতকৈও অধিক ভোটত পৰাজিত কৰে। সাধাৰণ সম্পাদকৰ পদত জয়ী হয় আয়েজাজ আহমেদ।

আনহাতে অসমৰ সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতী নিৰ্বাচিত হৈছে বিশ্ববিদ্যালয়খনৰ স্কুল অব ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ কাউঞ্চিলৰ পদত।

Related News