NORTHEAST NOW (Assamese)

মৰ্মান্তিক! দুধনৈত পুখুৰীত ডুবি মৃত্যু দুই কিশোৰ ছাত্ৰৰ

July 7, 2024 11:39 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

দুধনৈৰ লেলাত শনিবাৰে বিয়লি সন্ধানহীন হোৱা ধীমনজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা নামৰ দুজন কিশোৰৰ মৃতদেহ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে।

এই ঘটনাৰ বলি ১৪ বছৰীয়া অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী দুয়োজনেই কালি পুখুৰীত গা ধুবলৈ গৈছিল।

স্থানীয় ৰাইজে যোৱা নিশা তালাচী অভিযানৰ সময়ত পুখুৰীৰ মাজত ওপঙি থকা অৱস্থাত ধীমনজ্যোতি ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃত যুৱকজন ডমৰাৰ ডন বস্কো স্কুলৰ ছাত্ৰ আছিল।

লগতে পঢ়কঃ অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰত নলাত উটি যোৱা কণমানি অবিনাশৰ মৃতদেহ

আনহাতে, দেওবাৰে পুৱা লেলা হাইস্কুলৰ ছাত্ৰ ৰোহিত ৰাভাকো পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

সন্ধানহীন হোৱাৰ পিছৰে পৰাই স্থানীয় ৰাইজে কিশোৰ দুজনক বিচাৰি চলাথ কৰিছিল।

মৃতদেহ দুটা উদ্ধাৰৰ পিছত তেওঁলোকৰ পৰিয়ালত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ দুটাকৈ এনকাউণ্টাৰত নিহত ৪ সন্ত্ৰাসবাদী, শ্বহীদ ২ সেনা জোৱান

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতিনগৰত নলাত উটি যোৱা ৮ বছৰীয়া শিশু অবিনাশ সৰকাৰৰ মৃতদেহ দেওবাৰে পুৱা মহানগৰীৰ ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হয়। 

Related News