NORTHEAST NOW (Assamese)
দেশ

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2025 5:23 pm

জম্মু-কাশ্মীৰৰ কুলগ্ৰামত পুৱাৰ পৰা আৰম্ভ হৈছে বন্দুকযুদ্ধ। গোটেই সোমবাৰে নিশা দুয়োপক্ষৰ মাজত আাৰম্ভ হোৱা সংঘৰ্ষ মঙলবাৰেও চলি থাকে।

এই পৰ্যন্ত উগ্ৰপন্থীৰ সৈতে হোৱা বন্দুকৰ যুঁজত দুজন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হৈছে। এজন গুৰুতৰভাৱে আহত। আনহাতে, এই পৰ্যন্ত নিহত হৈছে দুটা উগ্ৰপন্থী।

উগ্ৰপন্থীৰ সৈতে হোৱা বন্দুকৰ যুঁজত চুবেদাৰ পৰ্বত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধুৰ নিহত হৈছে। ইয়াৰ উপৰিও আন এজন জোৱান আহত হৈছে। কিন্তু নিৰাপত্তা বাহিনী থমকি ৰোৱা নাই।

অঞ্চলটোত আৰু কোনোবাই আত্মগোপন কৰি আছে নেকি পৰীক্ষা কৰিবলৈ কম্বিং চাৰ্চ চলোৱা হৈছে। এই প্ৰতিবেদন প্ৰকাশ পৰ্যন্ত অপাৰেচন চলি আছে।

এক প্ৰতিবেদন অনুসৰি মঙলবাৰে পুৱাৰে পৰা দক্ষিণ কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ গুদৰ বনাঞ্চলত আৰক্ষী আৰু সেনাৰ যৌথ দলে অভিযান আৰম্ভ কৰে। গোপন সূত্ৰৰ পৰা উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰি সোমবাৰৰ পৰা নিৰাপত্তা বাহিনীয়ে এই অভিযান আৰম্ভ কৰে। সেই সময়ত হঠাৎ উগ্ৰপন্থীয়ে সেনাৰ জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। জোৱানসকলেও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ মাজতে সোমবাৰে পুৱা এজন উগ্ৰপন্থী নিহত হয়। দুপৰীয়া গম পোৱা যায় যে নিহত উগ্ৰপন্থীজন পাকিস্তানী নাগৰিক, তেওঁৰ নাম ৰেহমান ভাই। নিশা আন এজন স্থানীয় উগ্ৰপন্থীৰ মৃত্যু হয়।