NORTHEAST NOW (Assamese)
দেশ

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ তীব্ৰ অভিযান : জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2025 10:13 am

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত ২ সন্ত্ৰাসবাদী নিহত হৈছে।

আজি পুৱা প্ৰায় ২-৩ জন ইউআই সন্ত্ৰাসবাদীয়ে বাৰামুল্লাৰ (উত্তৰ কাশ্মীৰৰ) উৰি নালাৰ সাধাৰণ অঞ্চল চাৰ্জিৱনৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সেনাই এই অনুপ্ৰৱেশ বাধা দিবলৈ অভিযান আৰম্ভ কৰে।

এঘন্টাৰ ভিতৰতে সেনাৰ হাতত দুটা সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

অভিযান অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে।