NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত মটৰ চাইকেলসহ পশ্চিমবংগৰ পৰা অহা ইৰানী গ্ৰুপৰ দুজন সদস্য আটক 

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 13, 2021 2:32 pm
bon

বঙাইগাঁও আৰক্ষীয়ে আজি দুজন ইৰানী গ্ৰুপৰ সদস্যক আটক কৰে ৷

আৰক্ষীয়ে ইৰানী গ্ৰুপৰ সদস্য দুজনৰ পৰা এখন মটৰ চাইকেল আৰু বিভিন্ন সামগ্ৰী জব্দ কৰে ৷ ধৃত ইৰানী গ্ৰুপৰ সদস্য দুজন আশীস কুমাৰ শ্বাহ আৰু শিৱ শংকৰ শ্বাহ ৷ দুয়োৰে ঘৰ পশ্চিম বংগৰ নিউ জলপাইগুৰীত ৷

এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে দিনৰ প্ৰায় দুই বজাত তেওঁ আৰু নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীয়ে আন দিনাৰ দৰে নিয়মীয়া তহল দি থকাৰ সময়তে চহৰখনৰ মায়াপুৰী তিনি আলিৰ ষ্টেট বেংকৰ ওচৰত ডব্লিউ বি ৭৪ বি ই ৪১২৮ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলৰ গৰাকীৰ ওপৰত সন্দেহ ওপজে ৷

পিছত মটৰ চাইকেলখনত থকা যুৱক দুজনৰ পৰা আৰক্ষীয়ে ইৰানী গ্ৰুপে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, দুটা ষ্টেপ্লাৰ , দুয়োৰে আধাৰ কাৰ্ড, চাৰিটা মোবাইল আদি জব্দ কৰে আৰু আটক কৰি থানালৈ নি সোধ- পোছ কৰাত দুয়ো ইৰানী গ্ৰুপৰ সদস্য বুলি স্বীকাৰোক্তি দিয়ে ৷

আৰক্ষীয়ে বঙাইগাঁৱত পূৰ্বে সংঘটিত ঘটনাৰ সৈতে এই দুজন যুৱক জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে