NORTHEAST NOW (Assamese)
অৰুণাচল

চাংলাঙত অস্ত্ৰ-শস্ত্ৰসহ আলফা (স্বা)ৰ দুজন সদস্য আটক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 25, 2019 8:16 pm

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচলৰ চাংলাং নামপঙত আজি সেনাই উগ্ৰপন্থী বিৰোধী অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় আলফা(স্বা)ৰ দুজন সদস্যক।

ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ দলে চলোৱা অভিযানত আটক কৰা সদস্য দুজনক ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ মিন্টু তাঁতী আৰু লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ কাকু বৰা ওৰফে ৰাজু অসম বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন আলফা সদস্য দুজনৰ পৰা তিনিজাঁই সক্ৰিয় গুলীসহ এটা ৯ এম এম পিষ্টল আৰু চাৰিজাঁই সক্ৰিয় গুলীসহ এটা .৩২ পিষ্টল জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

পৰৱৰ্তি সময়ত সেনাৰ দলটোৱে নামপুং থানাত এখন এজাহাৰ দাখিল কৰি আলফা (স্বা) সদস্য দুজনক আৰক্ষীক চমজাই দিয়ে।

ইতিমধ্যেই নামপুং আৰক্ষীয়ে অধিক তথ্যৰ বাবে আলফা সদস্য দুজনক সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।