NORTHEAST NOW (Assamese)

‘মিছন ১০০’ৰ আধাৰত বোকাখাতত দুখনকৈ পানী যোগান আঁচনি শুভাৰম্ভ

September 15, 2018 7:37 pm · উত্তম শইকীয়া

‘মিছন ১০০’ৰ অধীনত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বোকাখাততো আজি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু মহকুমাধিপতি বিবেক শ্যামে দুটাকৈ পানী যোগান আঁচনি মুকলি কৰে।

উল্লেখযোগ্য যে উক্ত আঁচনিৰ অধীনত অসম চৰকাৰে আজি ৰাজ্যখনত ১০০ টা খোৱাপানী যোগান আঁচনি উপভোক্তাৰ বাবে মুকলি কৰিছে ৷

বোকাখাত মহকুমাৰ ১ নং বৰচাপৰিত মন্ত্ৰী অতুল বৰাই পানীযোগান আঁচনিখন মুকলি কৰে। এই উপলক্ষে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাই পৌৰহিত্য কৰা সভাত মন্ত্ৰী গৰাকীয়ে খোৱাপানীৰ বিশুদ্ধতাৰ ওপৰত চৰকাৰৰ গুৰুত্ব সম্বদ্ধে অৱগত কৰাৰ লগতে এই আঁচনি সম্পূৰ্ণ ৰূপে ৰাইজৰ প্ৰতিপালনত নিৰ্ভৰশীল বুলি অৱগত কৰে। তদুপৰি ৰবিশস্যৰ বাবে চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলিও তেওঁ ঘোষণা কৰে।

সভাত যোৰহাট জনস্বাস্থ্য কাৰিকৰী চক্ৰৰ অধীক্ষক অভিযন্তা বিজয় স্বৰ্ণকাৰ, গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা উপেন সিং, বোকাখাতৰ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত দত্ত, ভূমিদাতা বৰচাপৰি চাহ বাগিছাৰ সহকাৰী পৰিচালক মনোজ হাজৰিকা উপস্থিত থাকে ৷

ইফালে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে বোকাখাত মহকুমাৰ তামুলীপথাৰ ১ নং পানীযোগান আঁচনিখন উদ্বোধন কৰে।

Related News