NORTHEAST NOW (Assamese)
অসম

খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2022 9:21 pm

ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত আজি দিন দুপৰতে আতংকৰ সৃষ্টি কৰে এটা নাহৰফুটুকী বাঘে। বাগিচাত কৰ্মৰত অৱস্থাতে দুগৰাকী মহিলা আহত হয় নাহৰফুটুকীৰ আক্ৰমণত।

আহত মহিলা দুগৰাকীক খোৱাং চাহ বাগিচাৰ শ্ৰমিক অসৃতা কুজুৰ(২৬) আৰু অনিতা তিৰ্কী(২৫) বুলি চিনাক্ত কৰা হৈছে।

বাঘৰ আক্ৰমণত আহত হোৱাৰ পাছতে দুয়োগৰাকী মহিলাক মৰাণৰ চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি বাগিচাত কৰ্মৰত আন শ্ৰমিকসকলে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত এগৰাকী শ্ৰমিকে জানিবলৈ দিয়া মতে, বাঘটো পূৰ্বৰে পৰা চাহ বাগিচাত আশ্ৰয় লৈ থকা বুলি সন্দেহ কৰা হৈছে।

“মহিলা দুগৰাকীয়ে চাহপাত ছিঙি থকা অৱস্থাত চাহ বাগিচাত আশ্ৰয় লৈ থকা নাহৰফুটুকী এটাই তেওঁলোকক আক্ৰমণ কৰে।”— স্থানীয় শ্ৰমিকগৰাকীয়ে কয়।

ঘটনাৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। প্ৰায়ে বাগিচাত আতংকৰ সৃষ্টি কৰা বাঘটোক ফান্দত পেলাবলৈ পিঞ্জৰা স্থাপন কৰিবলৈ বন বিভাগক আহ্বান জনায় স্থানীয় বাসিন্দাসকলে।

উল্লেখ্য যে চাহ বাগিচা অঞ্চলত চাহ শ্ৰমিকৰ ওপৰত নাহৰফুটুকী আক্ৰমণ প্ৰায় নিয়মীয়া ঘটনাত পৰিণত হৈছে। সাধাৰণতে বনাঞ্চলৰ ওচৰত বাগানসমূহৰ অৱস্থিতিৰ বাবে প্ৰায়ে এনে ঘটনা সংঘটিত হয়।