NORTHEAST NOW (Assamese)
অসম

“ষড়যন্ত্ৰ” আৰু “গোপন বুজাবুজি”ৰ অভিযোগ! ইৰাণত দুগৰাকী মহিলা সাংবাদিকক কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2023 10:18 am

ইৰাণৰ দুগৰাকী মহিলা সাংবাদিকে “ষড়যন্ত্ৰ” আৰু “গোপন বুজাবুজি”ৰ অভিযোগত তিনি বছৰৰ আংশিকভাৱে নিলম্বিত কাৰাদণ্ডৰ অংশ হিচাপে প্ৰায় এমাহ কাৰাবাস খাটিব লাগিব।

সাংবাদিক নেগিন বাঘেৰী আৰু এলনাজ মহম্মদীয়ে ঘোষিত শাস্তিৰ এক চল্লিশ ভাগ তথা এমাহতকৈও কম সময় কাৰাগাৰাত কটাব লাগিব। তেওঁলোকৰ অধিবক্তা আমিৰ ৰাইছিয়ানে স্থানীয় সংস্কাৰবাদী এক সংবাদ মাধ্যমক এইদৰে কয়।

লগতে পঢ়ক: শোকস্তব্ধ ইছৰো, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু চন্দ্ৰযান ৩ৰ সৈতে জড়িত বিজ্ঞানীৰ

এলনাজে স্থানীয় হাম মিয়ান কাকতত কাম কৰি আছে আৰু বাঘেৰীয়ে হাফাত-ই সোবাহ নামৰ নিৰপেক্ষ বাতৰি কাকত এখনত কাম কৰে।

অধিবক্তাগৰাকীয়ে লগতে কয় যে বাকী শাস্তি পাঁচ বছৰৰ বাবে স্থগিত ৰখা হ’ব। এই সময়ছোৱাত তেওঁলোকে পেছাদাৰী নৈতিকতাৰ প্ৰশিক্ষণ ল’ব লাগিব আৰু প্ৰব্ৰজনৰ পৰা বিৰত থাকিব লাগিব।

অৱশ্যে ৰাইছিয়ানে এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত একো কোৱা নাই। ইয়াৰ বাহিৰেও কাকতখনৰ প্রতিবেদনত এই দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত কোনো সবিশেষ উল্লেখ কৰা হোৱা নাই।

লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

এলনাজৰ ভগ্নী এলাহিয়েও হাম মিয়ান কাকতত কাম কৰিছিল। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা মাছা আমিনীক সমাধিস্থ কৰাৰ বাতৰি দিয়াৰ বাবে যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা কাৰাগাৰত আছে এলাহি।