NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2023 7:04 am
World War II bombs found

বিংশ শতিকাৰ মাজভাগত সংঘটিত দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা উদ্ধাৰ হয় মণিপুৰত। বুধবাৰে ৰাজ্যখনৰ পৃথক পৃথক স্থানত উদ্ধাৰ হৈছিল বোমা দুটা। অৱশ্যে মণিপুৰ আৰক্ষীৰ বোমা ডিক্টেটিভ এণ্ড ডিচপ’জেল স্কোৱাডে দুয়োটা বোমা নিৰাপদে নিষ্ক্ৰিয় কৰে।

মণিপুৰ আৰু উত্তৰ-পূবৰ আন কিছু অঞ্চলত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ এনে কিছু অঞ্চলত ১৯৪৪ চনত মিত্ৰশক্তিৰ বাহিনী আৰু এক্সিছ বাহিনীৰ মাজত সংঘৰ্ষ হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা প্ৰায় ১০.৩০ বজাত থৌবাল জিলাৰ য়াইৰিপক থানাৰ অন্তৰ্গত য়াইৰিপক লৌকনত ধাননি পথাৰত মাটি খান্দি থকা অৱস্থাত এটা বোমা উদ্ধাৰ হয়।

আনহাতে দ্বিতীয়টো বোমা ইম্ফল পূৱ জিলাৰ সাগোলমাং থানাৰ অন্তৰ্গত কেইবি গাঁৱত উদ্ধাৰ হয়। বুধবাৰে পুখুৰী খান্দি থকা অৱস্থাত আৱিষ্কাৰ হয় পুৰণি বোমাটো।

আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে বোমা দুটা উদ্ধাৰ কৰি নিৰাপদ স্থানত বোমা দুটা ধ্বংস কৰে বুলি মণিপুৰ আৰক্ষীয়ে সদৰী কৰিছে।