NORTHEAST NOW (Assamese)
অসম

কাছাৰত মৰ্মান্তিক ঘটনা : পুখুৰীত পৰি দুই কণমাণি ভাতৃৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2024 6:10 pm
কাছাৰত মৰ্মান্তিক ঘটনা : পুখুৰীত পৰি দুই কণমাণি ভাতৃৰ কৰুণ মৃত্যু

অসমৰ কাছাৰ জিলাৰ পাটামিৰা গাঁৱত এটা শোকাৱহ ঘটনা সংঘটিত হয়।

নিজ ঘৰৰ ওচৰৰ পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত দুটা শিশু পুখুৰীত পৰি যায়।

শিশু দুটাৰ নাম অংকিত দাস (৫) আৰু সমৰজিৎ দাস (৬।

পৰিয়ালৰ সদস্যসকলে দীঘলীয়া সময় ধৰি বিচৰা স্বত্বেও শিশু দুটিক বিচাৰি নাপায় পুখুৰীত সন্ধান কৰে।

পানীৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু চিকিৎসকসকলে তেওঁলোকক আহি পোৱাৰ পিছত মৃত বুলি ঘোষণা কৰে।

দুয়োজন নাবালকৰ অকাল মৃত্যুয়ে অঞ্চলটোত শোকৰ ছা পেলাইছে।

ইফালে, সমৰজিৎ দাসৰ পিতৃ সন্দীপ দাস অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক আমিনুল হক লস্কৰৰ ব্যক্তিগত চালক বুলি জানিব পৰা গৈছে।