NORTHEAST NOW (Assamese)
অসম

মহানগৰীত আৰক্ষীৰ তালাচীত ড্ৰাগছ সহ দুজন যুৱকক আটক

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 6, 2020 8:02 pm

দেশৰ লগতে ৰাজ্যত ল’কডাউন চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰে দুজন যুৱক।

গুৱাহাটীৰ হেঙৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সমীপৰ পৰা  ড্ৰাগছ সহ দিচপুৰ আৰক্ষীয়ে  যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত যুৱক কেইজন মহানগৰী  বৰবাৰী নিবাসী বিপুল দাস আৰু ঋতু ৰাজ নেওগ বুলি চিনাক্ত কৰা হৈছে ৷

আৰক্ষীয়ে   ১৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ এখন এ এছ-০১ ডি জেড ০৬১৬ নম্বৰৰ এখন স্কুটি জব্দ কৰে ৷

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত যুৱক দুজনক হাতে-লোটে আটক কৰে  দিছপুৰ আৰক্ষীয়ে।

বিয়লি প্ৰায় ৫ বজাত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

মঙলবাৰেও শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিছিল।