NORTHEAST NOW (Assamese)

দীপাৱলীৰ আনন্দৰ মাজতে কোকৰাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ দুজন যুৱকৰ মৃত্যু

November 7, 2018 7:26 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

মঙলবাৰে অৰ্থাৎ ৬ নৱেম্বৰত পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতে কোকৰাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ দুজনকৈ যুৱকে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হয়। আৰু এই ঘটনা বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা যুৱক দুজন হ’ল ক্ৰমে সৌমখৌৰ বসুমতাৰী (২৫) আৰু ৰাজু বসুমতাৰী (২০)

প্ৰাপ্ত তথ্য মতে বৰ্তমানলৈকে বিদ্যুতৰ পোহৰ নেদেখা কোকৰাঝাৰৰ শামুকাগুৰি গাঁৱত কালিৰ দিনটোৰ পৰা বিদ্যুতৰ পোহৰেৰে গাঁওখন পোহৰাই তোলাৰ কথা আছিল।

আৰু এই উদ্দেশ্যে বিদ্যুতৰ প্ৰাথমিক কামখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে সন্ধিয়া ঘটনাটোত নিহত হোৱা যুৱক দুজনে বিদ্যুৎসংযোগ কৰাৰ উদ্দেশ্যে বিদ্যুতৰ খুঁটাত উঠে।

মন কৰিব লগীয়া যে যুৱক দুজনে খুঁটাত উঠাৰ আগত বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ সংযোগ কৰ্তনৰ সন্দৰ্ভত নিশ্চিত হৈ লয়। কিন্তু যুৱক দুজনে বিদ্যুতৰ খুঁটাত উঠাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

ইফালে দীপাৱলীৰ দিনাই এনেদৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে দুজনকৈ যুৱকে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱা ঘটনাত ক্ষুভিত হৈ পৰিছে লগতে যুৱক দুজনৰ মৃত্যুত গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

Related News