NORTHEAST NOW (Assamese)
অসম

মহা অষ্টমীৰ নিশা কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই যুৱক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা October 25, 2020 2:02 pm
accident

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে মহা অষ্টমীৰ নিশা কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হয়।

জখলাবন্ধাত পূজা চাই বাইকেৰে ঘৰলৈ উভতি অহাৰ পথতে কলিয়াবৰৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ সৈতে ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, কলিয়াবৰৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰখাই থোৱা NL 01 AB 9360 নম্বৰৰ ট্ৰাক খনৰ পাছফালে জখলাবন্ধাৰ পৰা পূজা চাই ঘৰলৈ উভতাৰ পথতে AS 02 AA 4997 নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই এই শোকাবহ পথ দুৰ্ঘটনাতো সংঘটিত হয়।

পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক। লগতে বাইকখনত অহা আনজন যুৱক গুৰুতৰভাৱে আহত হয়।

অৱশ্যে জখলাবন্ধা আৰক্ষীয়ে গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জখলাবন্ধাত চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰেৰণ কৰাৰ অন্তত যুৱক জনক তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও যুৱক জনৰ আদবাটতে মৃত্যু হয়।

আনহাতে, নিহত দুই বাইক আৰোহী ক্ৰমে কলিয়াবৰৰ পূৱ থৰীয়াৰ শংকৰজ্যোতি ভূঞা আৰু অভিনৱ ভূঞা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ দুয়োৰে মৃতদেহ প্ৰেৰণ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।