NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল দুই যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 8:06 am
WhatsApp Image 2022-01-10 at 7.42.20 AM

হোজাইৰ ডবকাত সংঘটিত এক ভয়ংকৰ বাইক দুৰ্ঘটনাত দেওবাৰে গধূলি দুজন যুৱক নিহত হয়।

নিহত যুৱক দুজনক ছাইদুল ইছলাম আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে এখন পালছাৰ ২০০ এন এছ বাইকত তীব্ৰ গতিৰে চলাই আহিছিল।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে তীব্ৰ গতিৰে চলাই অহা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ফ্লাইঅ’ভাৰৰ দেৱালত খুন্দা মাৰে।

লগতে পঢ়ক: Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

তাৰপাছতে তেওঁলোকে এডাল গছতো খুন্দা মাৰে আৰু কোনেও ধৰিব পৰাৰ আগতেই মৃত্যুক সাৱটি লয়।

স্থানীয় লোকে তেওঁলোকক উদ্ধাৰ কৰি বচাবলৈ চেষ্টা চলায় যদিও হাস্পাতালত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

স্থানীয় লোকে জানিব দিয়া মতে অঞ্চলটোত যান-বাহনৰ তীব্ৰ গতি এক সমস্যা হৈ দেখা দিছে আৰু অঞ্চলটোৰ যুৱকসকলে সাধাৰণতে কোনো বাধা নোহোৱা বাবে নিয়ন্ত্ৰণহীনভাৱে বাইক চলোৱা দেখা যায়।