NORTHEAST NOW (Assamese)
অসম

অষ্টমীৰ নিশা শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত দুই যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2021 9:12 am
Road Accident in Sivasagar

ৰাজ্যত দূৰ্গোৎসৱৰ আনন্দৰ মাজতে শিৱসাগৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। যোৱা নিশা শিৱসাগৰত পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়।

শিৱসাগৰ মানকটা তিনি আলিৰ সমীপত পুখুৰীত পৰি দুৰ্ঘটনাত পতিত হয় এখন চুইফট্ ডিজায়াৰ গাড়ী।

ভটিয়াপাৰৰ দিশৰ পৰা শিৱসাগৰলৈ আহি থকা ডিজায়াৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰী এটাত বাগৰি পৰে।

স্থানীয় লোকে পানীৰ তলত থকা গাড়ীখনৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ইয়াৰে দুয়োজনক মৃত ঘোষণা কৰে। আঘাতপ্ৰাপ্ত আন এজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

দূৰ্ঘটনাটোত নিহত যুৱক দুজন হৈছে জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ সদস্য তথা অধিবক্তা নিবেদন শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিকৰ উপ সভাপতি ৰাজমণি দাস বুলি জানিব পৰা গৈছে।

ইপিনে আঘাতপ্ৰাপ্ত যুৱকজন বলিয়াঘাটৰ মৃনাল দাস বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী উদীয়মান যুৱকৰ মৃত্যুত সমগ্ৰ জয়সাগৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।