NORTHEAST NOW (Assamese)

১০৩ ধাৰা হৈ পৰিল ৪০৩! আৰক্ষীৰ টাইপিং ভুলৰ বাবে জামিন লাভ অভিযুক্ত সোণমৰ

April 30, 2026 8:53 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:40 am

মেঘালয়ত হানিমুনলৈ গৈ নৃশংসভাৱে হত্যা কৰে স্বামীক। ২০২৫ চনত সোণম ৰঘুবংশীৰ গোচৰত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। যোৱা মঙলবাৰে সেই গোচৰত হঠাৎ জামিন লাভ কৰে মূল অভিযুক্ত সোণমে।

কিন্তু কেনেকৈ? এই প্ৰশ্ন উত্থাপন কৰিছে মৃত ৰাজা ৰঘুবংশীৰ পৰিয়ালে। আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰতে আৰক্ষীৰ ভুলৰ বিষয়টো চৰ্চালৈ আহিল। টাইপিং ভুলৰ বাবে গ্ৰেপ্তাৰৰ মেমোত ভুল ধাৰা লিখা হৈছিল।

অভিযোগ কৰা হৈছে যে তাৰ বাবেই সোণমৰ জামিন লাভৰ পথ প্ৰশস্ত হৈছিল। ইয়াৰ পূৰ্বেও তিনিবাৰকৈ জামিনৰ বাবে আৱেদন কৰিছিল সোণমে। প্ৰতিবাৰেই নাকচ কৰা হৈছিল। কি ভুল কৰিলে আৰক্ষীয়ে?

জানিব পৰা মতে, সোণমক গ্ৰেপ্তাৰ কৰাৰ সময়ত মেমোত এটা ধাৰা ভুলকৈ লিখা হৈছিল। তাত ৪০৩ (১) ধাৰা উল্লেখ কৰা হৈছে। কিন্তু ভাৰতীয় ফৌজদাৰী সংহিতা (BNS)ত তেনে কোনো ধাৰা নাই। বিএনএছৰ হত্যাকাণ্ডত ১০৩ (১) ধাৰা প্ৰযোজ্য। পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ৪০৩ (১)ৰ অস্তিত্ব আছিল। সেই ধাৰাত অসৎ উপায়েৰে সম্পত্তিৰ অপব্যৱহাৰৰ গোচৰ ৰুজু কৰা হৈছিল।  টাইপিং ভুলৰ বাবে মেমোত এই বিভ্ৰাট!

আৰক্ষীয়ে আদালতত কয় যে ‘পদ্ধতিগত ভুল’ হৈছে। অৱশ্যে এই যুক্তি আদালতে মানি লোৱা নাছিল। আদালতে কয় যে অভিযুক্তই কোনটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা জনাৰ অধিকাৰ আছে। কিন্তু নথি-পত্ৰ চালে স্পষ্ট হৈ পৰে যে সোণমক ১০৩ নং ধাৰাত গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰা হোৱা নাছিল।এটা নথি নহয়, কেইবাখনো নথি-পত্ৰত একেটা ভুল ধাৰাৰ উল্লেখ আছে।

আদালতে আন এটা যুক্তিও দিছে। উত্তৰ প্ৰদেশৰ গাজীপুৰ আদালতত সোণমক যেতিয়া প্ৰথমবাৰৰ বাবে হাজিৰ কৰা হৈছিল, তেতিয়া তেওঁৰ লগত এজন অধিবক্তা থকাৰ কোনো প্ৰমাণ নাই। এই কাৰণেই তেওঁ আপত্তি কৰিব নোৱাৰিলে বুলি বিশ্বাস কৰা হয়।

মঙলবাৰে চৰ্তসাপেক্ষ জামিন লাভ কৰে সোণমে। অনুমতি অবিহনে বাহিৰলৈ যাব নোৱাৰিব বুলি আদালতে জানিবলৈ দিয়ে। তেওঁ পলাব নোৱাৰিব, প্ৰমাণো ধ্বংস কৰিব নোৱাৰিব। প্ৰতিটো শুনানিতে তেওঁ আদালতত হাজিৰ হ’ব লাগিব।

Related News