NORTHEAST NOW (Assamese)

আমেৰিকাৰ সেনাবাহিনীৰ পৰা বহিষ্কাৰ নহয় তৃতীয় লিংগৰ জোৱান! ট্ৰাম্পৰ আদেশত ন্যায়ালয়ৰ হস্তক্ষেপ

March 19, 2025 5:00 pm ·


ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণকৰাৰ পাছতে বহুকেইটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত উল্লেখ যোগ্য আদেশ আছিল তৃতীয় লিংগৰ লোকসকলক সামৰিক
বাহিনীত যোগদান কৰাত নিষেধাজ্ঞা আৰোপ। ট্ৰাম্পৰ এই নিৰ্দেশত উল্লেখ কৰা হৈছিল যে লিংগ পৰিচয়ৰ বিবাদৰ বাবে তেওঁলোকে সামৰিক বাহিনীৰ কঠোৰ মানদণ্ড পূৰণ কৰিব নোৱাৰিব।


কিন্তু ২০২৫ চনৰ ১৯ ​​মাৰ্চত ফেডাৰেল ন্যায়াধীশ আনা ৰেয়েছে ট্ৰাম্পৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেওঁ কৈছিল যে ই তৃতীয় লিংগৰ সৈন্যৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে।
ন্যায়াধীশগৰাকীয়ে কয় যে যিসকলে দেশৰ সেৱা পথ বাছি লয় তেওঁলোকে আমাৰ কৃতজ্ঞতা আৰু সন্মানৰ যোগ্য। এই সিদ্ধান্তই বহিষ্কৃত ১৪ জন তৃতীয় লিংগৰ জোৱানক সকাহ দিছে।

অৱশ্যে আদালতৰ এই সিদ্ধান্তৰ সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই। ট্ৰাম্প প্ৰশাসনে প্ৰৱৰ্তন কৰা এই  নিযুক্তি আৰু সুবিধা নিষিদ্ধ কৰা নীতি এতিয়া আদালতৰ নিৰ্দেশৰ পিছত অসাৰ প্ৰতিপন্ন হৈছে। এই বিতৰ্কই আমেৰিকাৰ সেনাবাহিনীত তৃতীয় লিংগৰ মৰ্যাদা আৰু অধিকাৰ সন্দৰ্ভত নতুন আলোচনাৰ সূচনা কৰিছে।

Related News