NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত বিদ্যালয় খোলাৰ পিছতেই ক’ৰ’ণাত আক্ৰান্ত লক্ষাধিক ছাত্ৰ-ছাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 8:18 am
america112

মহামাৰী ক’ৰ’ণাৰ মহাসংক্ৰমণৰ সময়ত বিশ্বৰ বিভিন্ন দেশত বন্ধ হৈ পৰিছে বিদ্যালয় সমূহ।

ভাৰততো আজিও বন্ধ আছে বিদ্যালয়। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম স্থানত থকা দেশ আমেৰিকাত শেহতীয়াকৈ খুলি দিয়া হৈছে বিদ্যালয় সমূহ।

বিদ্যালয় খুলি দিয়াৰ প্ৰথম দুসপ্তাহৰ ভিতৰতে আমেৰিকাত ক’ৰ’ণাত আক্ৰান্ত হৈছে ১ লাখৰো অধিক কণ কণ ছাত্ৰ-ছাত্ৰী।

এই কথাই এতিয়া শংকিত কৰি তুলিছে অভিভাৱক সকলক। বহু অভিভাৱকে বিদ্যালয় খুলিবলৈ ট্ৰাম্পে গ্ৰহণ কৰা সিদ্ধান্তক অপৰিপক্ক সিদ্ধান্ত বুলি কবলৈ আৰম্ভ কৰিছে।

ট্ৰাম্পে কিছুদিন পূৰ্বে এইবুলি যুক্তি দিছিল যে আমেৰিকাৰ শিশু সকল ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ যথেষ্ট সৱল। মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এনে মন্তব্যক লৈ সমালোচনাও হৈছিল।

শেহতীয়াকৈ আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে জুলাই মাহত বিদ্যালয় খোলাৰ পিছতে এক লাখৰো অধিক কণ কণ ছাত্ৰ-ছাত্ৰী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ইয়াৰে ৯৭ হাজাৰ শিক্ষাৰ্থী কেৱল বিদ্যালয় খোলাৰ প্ৰথম দুটা সপ্তাহতে ক’ৰ’ণা ভাৰিাছত আক্ৰান্ত হৈছে।

এই গতি অব্যাহত থাকিলে ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰু কেইবালাখ কণ কণ ছাত্ৰ-ছাত্ৰী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থকা বুলি আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে।

ভয়াৱহ কথাটো হ’ল বিদ্যালয় খোলাৰ পিছতে ২৫ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।