NORTHEAST NOW (Assamese)
অসম

বুচা চহৰত ৰাছিয়াৰ সেনাৰ বৰ্বৰতা: মস্কোৰ বিৰুদ্ধে অধিক কঠোৰ নিষেধাজ্ঞা জাৰি কৰিব আমেৰিকাই

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 6, 2022 3:20 pm

ইউক্ৰেইনৰ বুচা চহৰত ৰাছিয়াৰ সেনাই প্ৰৱেশ কৰি চহৰ খনৰ কিশোৰী-মহিলাক কৰা বলাৎকাৰ, অত্যাচাৰৰ ঘটনাই এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ সেনাৰ জিঘাংসু চৰিত্ৰৰ কথা সবিস্তাৰে প্ৰকাশ কৰাৰ পিছতে আমেৰিকাই ৰাছিয়াৰ সেনাৰ ব্যৱহাৰত স্তম্ভিত হৈ পৰিছে।

বুচা চহৰত ৰাছিয়াৰ সেনাৰ বৰ্বৰতাৰ বাবেই মস্কোৰ বিৰুদ্ধে অধিক কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই।

মাৰ্কিন চৰকাৰৰ এগৰাকী শীৰ্ষ পদাধিকাৰীয়ে প্ৰকাশ কৰা মতে ৰাছিয়াত নতুনকৈ কোনো ধৰণৰ বিনিয়োগ নকৰিবলৈ আমেৰিকাই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য ৰাষ্ট্ৰসংঘৰ মজিয়াত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল ‘ আপোনালোকে চাৰিওপিনে দেখিছে আধুনিক চহৰখনক কেনেকুৱা কৰি পেলাইছে। এইটোৱে ৰাছিয়াৰ সেনাৰ চৰিত্ৰ।

তেওঁলোকে মানুহৰ সৈতে পশুতকৈও নিকৃষ্ট আচৰণ কৰিছে। আপুনি ইয়াত আজি যিটো দেখিছে সেইটোৱে আচলতে গণহত্যা।’

তেওঁ লগতে কৈছিল,’’আমাৰ সেনা বাহিনীৰ সৈতে ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা অঞ্চলত গ’লেই দেখিব তাত কি ঘটিছে। প্ৰতিদিনে তেওঁলোকে মাটিৰ তলত মৃতদেহ বিচাৰি পাইছে। মানুহক নিৰ্যাতন কৰা হৈছে, মাৰি পেলোৱা হৈছে।’