NORTHEAST NOW (Assamese)
অসম

ওলোটা খৰ মাৰিলে অসম চৰকাৰে! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে ‘পৰিৱেশন সংবেদশীল অঞ্চল’ৰ প্ৰস্তাৱ বাতিল কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2025 10:48 am

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল আৰু সংলগ্ন সাতটা সংৰক্ষিত এলেকা সামৰি ৩৬০০ বৰ্গ কিলোমিটাৰ বিস্তৃত সংহত ইক’-চেন্সিটিভ জ’ন (ই এছ জেড)ৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে অসম চৰকাৰে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই এই প্ৰত্যাহাৰৰ মূল কাৰণ হিচাপে অমীমাংসিত সীমাৰ সমস্যা, স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ, আৰু তীব্ৰ আৰ্থ-সামাজিক দুৰ্দশাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।

২০২৪ চনৰ মে’ মাহত দাখিল কৰা প্ৰাৰম্ভিক প্ৰস্তাৱটোৰ লক্ষ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ বাসস্থানৰ চাৰিওফালে এক ঐক্যবদ্ধ বাফাৰ জ’ন সৃষ্টি কৰা, লগতে ইয়াৰ দহটা প্ৰস্তাৱিত সংযোজন, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্য (ইয়াৰ ১ম সংযোজনকে ধৰি), নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য, আৰু প্ৰস্তাৱিত উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্যক সংলগ্ন কৰা।

এই বিশাল অঞ্চলটোৱে পাঁচখন জিলাৰ প্ৰায় ৩৪০খন গাঁও আৰু আনুমানিক ৫ লাখ লোকক প্ৰভাৱিত কৰিলেহেঁতেন, যাৰ ফলত বহু অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী ক্ষতিগ্ৰস্ত হ’লহেতেঁন।

মুখ্য সচিব কোটাই তেওঁৰ পত্ৰত আঙুলিয়াই দিছে যে কেএনপি এণ্ড টিআৰত কেইবাটাও প্ৰস্তাৱিত সংযোজনৰ সীমা অনিৰ্দিষ্ট হৈ আছে।

কোটাই এই আঠটা সংৰক্ষিত অঞ্চলৰ ভিতৰত বাস কৰা স্থানীয় জনগোষ্ঠীৰ অধিকাৰ এতিয়াও নিষ্পত্তি হোৱা নাই বুলিও উল্লেখ কৰে।

তেওঁ জোৰ দি কয় যে এই মৌলিক সমস্যাসমূহৰ সমাধান নকৰাকৈ ইমান বৃহৎ সংহত ই এছ জেড ৰূপায়ণে উন্নয়নত গুৰুতৰভাৱে বাধাৰ সৃষ্টি কৰিব। ই দুৰ্বল লোকৰ ওপৰত দীৰ্ঘম্যাদী আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিব।

প্ৰস্তাৱিত ই এছ জেডত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, খোৱাপানী আৰু জলসিঞ্চনৰ সুবিধা, গ্ৰাম্য বজাৰ, নুমলীগড় শোধনাগাৰ লিমিটেডৰ দৰে উদ্যোগ, আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ)কে ধৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা আন্তঃগাঁথনিও সামৰি লোৱা হৈছিল।

মুখ্য সচিব কোটাই মন্ত্ৰালয়ক অৱগত কৰে যে অসমে এতিয়া আঠটা সংৰক্ষিত এলেকাৰ প্ৰতিটো আৰু কেএনপি এণ্ড টিআৰৰ সংযোজনৰ বাবে পৃথক পৃথক ই এছ জেড প্ৰস্তাৱ দাখিল কৰিব।

মুখ্য সচিব কোটাই এই সিদ্ধান্ত জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থ আৰু অঞ্চলটোৰ বহনক্ষম উন্নয়নৰ বাবে লোৱা বুলি জোৰ দি মন্ত্ৰালয়ক পূৰ্বৰ সংহত ই এছ জেড প্ৰস্তাৱক প্ৰত্যাহাৰ কৰা বুলি বিবেচনা কৰিবলৈ আহ্বান জনায়।