NORTHEAST NOW (Assamese)
Popular Stories

আহি আছে UBER-ৰ উৰন্ত টেক্সি সেৱা; হ্ৰাস পাব নগৰীয়া যান-জঁট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 3:12 pm
Flying-Car

জনপ্ৰিয় ‘কেব’ সেৱা উবেৰে অতি সোনকালে উৰন্ত বাহন মুকলি কৰিব যাৰফলস্বৰূপে সমগ্ৰ বিশ্বত নগৰীয়া যান-জঁট অতিক্ৰমী কাৰ্মস্থলীত উপস্থিত হোৱাতো সহজ হৈ পৰিব।

আমেৰিকাৰ মাল্টিনেশ্যনেল উবেৰ টেকন’লোজি আৰু দক্ষিণ কোৰিয়াৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠান হুণ্ডাই ম’টৰছে অলপতে ইলেক্ট্ৰিক উৰন্ত টেক্সিৰ বিকাশৰ বাবে চুক্তি সম্পাদন কৰিছে।

প্ৰযুক্তিগত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰাৰ বাবে উবেৰ আৰু হুণ্ডায়ে উৰন্ত বাহন নিৰ্মাণৰ বাবে দীঘলীয়া সময় ল’ব।

ল’জ ভেগাছত অনুষ্ঠিত হোৱা কনজিউমাৰ ইলেক্ট্ৰ’নিক শ্ব’ত উবেৰ ইলেভেতৰ মুৰব্বী ইৰিক এলিছনে উবেৰে ২০২৩ চনৰ ভিতৰত উৰন্ত টেক্সি সেৱা মুকলি কৰিব বুলি প্ৰকাশ কৰে।

হুণ্ডাইৰ উপৰিও অৰোৰা ফ্লাইট চায়েঞ্চ উবেৰৰ এই প্ৰকল্পৰ অংশীদাৰ হ’ব।

হুণ্ডায়ে উৰন্ত টেক্সি নিৰ্মাণৰ কাম কৰাৰ বিপৰীতে উবেৰে ইয়াৰ পৰিছালন নিয়ন্ত্ৰণ কৰিব।

হুণ্ডাইৰ এক বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে চাৰিগৰাকী যাত্ৰীৰে সৈতে ১০০ কিলোমিটাৰ দূৰত্বলৈ চলাচল কৰিব পৰা বাহন নিৰ্মাণ কৰিবলৈ সক্ষম।

আনহাতে, সকলোৱে উৰি উৰি ভ্ৰমণৰ মাদকতা ল’ব পৰা ধৰণে ইলেক্ট্ৰিক বাহনখন মিতব্যয়ী হ’ব।

হুণ্ডায়ে নগৰীয় বায়ু গতিশীলতা প্ৰকল্পৰ বাবে ১.২ বিলিয়ন পাউণ্ড বিনিয়োগ কৰিছে।

হুণ্ডাইৰ উপৰিও জাৰ্মানীৰ দাইমলাৰ, চীনৰ গিলি অট’মোবাইল আৰু জাপানৰ টয়’টায়ো উৰন্ত বাহন নিৰ্মাণৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে।

সমগ্ৰ প্ৰকল্পই বাস্তৱ ৰূপ লাভ কৰিলে উবেৰে মিতব্যয়ী উৰণৰ সুবিধা আগবঢ়োৱা প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হ’ব।