NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ তুলসীজানত ইউকো বেংক মানকটা শাখাৰ দ্বাৰা বিত্তীয় সাক্ষৰতা শিবিৰৰ আয়োজন

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী November 6, 2018 2:50 pm
IMG-20181106-WA0016

ইউকো বেংকৰ ডিব্ৰুগড়স্থ মানকটা শাখাই ৰাইজৰ মাজত বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ লগতে দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে এটা বিত্তীয় সাক্ষৰতা আৰু তদাৰকী সহাজতা শিবিৰৰ আয়োজন কৰে। বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তুলসীজানত এই শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বেংকটোৰ বিষয়া কৰ্মচাৰীসকলে সমজুৱাক উদ্দেশ্যি বেংকটোৱে জনস্বাৰ্থ পূৰণৰ হেতু আগবঢ়োৱা বিভিন্ন আঁচনি, ঋণ, বীমা আদিৰ বিষয়ে অৱগত কৰায়।

বেংকটোৰ জ্যেষ্ঠ প্ৰৱন্ধক বিপিন কুমাৰ সিঙে অটল পেনছন যোজনা, প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা, কেচিচি আৰু মুদ্ৰা আঁচনি আদিৰ ওপৰত বিশেষভাৱে বক্তব্য ৰাখে।

বিশেষ অতিথিৰ ভাষণত ডিব্ৰুগড়ৰ খণ্ড প্ৰচাৰ বিষয়া প্ৰণব কুমাৰ নাথে চলিত বৰ্ষৰ শ্লোগান ‘দুৰ্নীতি নিৰ্মূল—এক নতুন ভাৰত নিৰ্মাণ’ৰ ওপৰত চমু বক্তব্য কাখে। চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক উৎসৰ্গিত আৰু দুখীয়াৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। দুৰ্নীতি আৰু মধ্যভোগীক জড়িত কৰাটো ৰোধ কৰাৰ বাবে ডিজিটেল আদান-প্ৰদান কৰাত তেওঁ জোৰ দিয়ে।

প্ৰশান্ত শইকীয়াই শিবিৰটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য ৰাখে। অনুষ্ঠানটোত উপস্থিত থকা আন আন বিশিষ্ট লোকসকল হৈছে ইউকো বেংকৰ মানকটা শাখাৰ সহকাৰী প্ৰৱন্ধক স্বপন বিশ্বাস, বৰবৰুৱা শাখাৰ এনআৰএলএম মনালিছা বৰা আদি উপস্থিত থাকে। অনুষ্ঠানটোত ‘তদাৰকী সজাগতা : দুৰ্নীতি নিৰ্মূল’ৰ ওপৰত এটা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় য’ত বিষয়া-কৰ্মচাৰী আৰু উপস্থিত ৰাইজে অংশগ্ৰহণ কৰে।