NORTHEAST NOW (Assamese)
অসম

লোকসভাৰ পূৰ্বে নেডাত ভাঙোন, মেঘালয়ত য়ু ডি পিয়ে এৰিলে সংগ

February 21, 2019 11:10 am

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগলৈ বিজেপিৰ আঁকোৰগোজ স্থিতিৰ বাবে এইবাৰ নেডাৰ পৰা পদত্যাগ কৰিলে মেঘালয়ৰ ৰাজনৈতিক দল য়ু ডি পিয়ে (য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টি)। দলে এই ক্ষেত্ৰত ফেব্ৰুৱাৰি মাহৰ ১০ তাৰিখতে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি দলটোৰ উপ-সভাপতি এলান্ট্ৰী এফ খাৰে সংবাদমেলযোগে উল্লেখ কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ লখিমপুৰৰ জনসভাত অংশ লৈ বিজেপি ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি কৰা মন্তব্যৰ পিছতেই য়ু ডি পিয়ে নেডাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত স্পষ্ট কৰে।

উল্লেখযোগ্য যে, নেডাৰ পৰা পদত্যাগ কৰিলেও য়ু ডি পিয়ে মেঘালয়ত এন পি পিৰ নেতৃত্বত চলি থকা মেঘালয় ডেম’ক্ৰেটিক এলায়েন্ছৰ সহযোগি হিচাপে চৰকাৰক সমৰ্থন কৰি যাব।  আনহাতে, বিজেপি সমৰ্থিত এম ডি এ চৰকাৰৰ সৈতে য়ু ডি পিয়ে একেলগে কাম কৰিবনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কয় যে য়ু ডি পিয়ে মেঘালয়ত এন পি পিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সমৰ্থন কৰিছে এইক্ষেত্ৰত বিজেপিৰ চৰকাৰৰ সৈতে ভূমিকা সন্দৰ্ভত এন পি পিয়ে সিদ্ধান্ত ল’ব।

য়ু ডি পিয়ে চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিক সমৰ্থন কৰাৰ বাবে আহ্বান জনোৱা নাছিল বুলিও উপ-সভাপতিজনে মন্তব্য কৰে।

মেঘালয়ৰ ৬০ খন আসন বিশিষ্ট বিধানসভাত য়ু ডি পিৰ সাতজন বিধায়ক আছে। সংবাদমেলত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ বিধেয়ক বিৰোধী স্থিতিকো প্ৰসংশা কৰে নেতাগৰাকীয়ে।