NORTHEAST NOW (Assamese)
অসম

স্বায়ত্ব শাসিত পৰিষদৰ দাবীৰে প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গাৰো সংগঠনৰ

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ October 18, 2018 8:03 pm
Young_Garo_Girl’s_With_there_Traditional_Dress

সংযুক্ত গাৰো স্বায়ত্বশাসিত পৰিষদ আন্দোলন সমিতিয়ে  (United Garo Autonomous Council Movement Committee চমুকৈ UGACMC) অসমত বাস কৰা গাৰোসকলৰ বাবে স্বায়ত্বশাসিত পৰিষদ দাবী কৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

সমিতিৰ সভাপতি এলেক্স কে ছাংমা আৰু সম্পাদক থেংছিল ছাংমাই স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত এখন আছুতীয়া স্বায়ত্বশাসিত পৰিষদ দাবী কৰিছে।

উল্লেখ্য যে অসমত বড়ো জনজাতিৰ পাছতেই গাৰোসকল দ্বিতীয় বৃহত্তম আৰু ৰাভা হাছঙৰ বৃহত্তম জনগোষ্ঠী। কিন্তু ৰাভাসকলৰ নিজা স্বায়ত্বশাসিত পৰিষদ আছে কিন্তু গাৰোসকলৰ নাই।

চৰকাৰে গাৰোসকলৰ আৱাসভূমিক উন্নীতকৰণৰ ক্ষেত্ৰত সদায় মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি স্মাৰকপত্ৰখনত ব্যক্ত কৰা হৈছে। একমাত্ৰ সুকীয়া স্বায়ত্বশাসিত পৰিষদ গঠন হ’লেহে গাৰোসকলৰ সপোন আৰু উচ্চাকাংখ্যাবোৰ পূৰণ কৰিব পাৰিব।

এইদৰে  সৰ্বাংগীন বিকাশ আৰু আত্মবিশ্বাস অক্ষুন্ন ৰাখিবলৈ জনগোষ্ঠীটোক এখন স্বায়ত্বশাসিত পৰিষদ লাগে বুলি স্মাৰকপত্ৰখনত ব্যক্ত কৰা হৈছে।

উল্লেখ্য যে গাৰো সংগঠনসমূহে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাক সাক্ষাৎ কৰিছে আৰু তেওঁৰ পৰা নৈতিক সমৰ্থনো লাভ কৰিছে।